
Read in English | हिंदी | বাংলা | தமிழ் | తెలుగు | മലയാളം | ଓଡ଼ିଆ | ગુજરાતી | मराठी | ಕನ್ನಡ
ৰামকৃষ্ণ সংঘত যোগদানৰ বিষয়ত কৰা প্ৰশ্নসমূহ
(সঘনাই সোধা প্রশ্নসমূহ)
যুৱ-প্ৰজন্মৰ বহুতে শ্ৰীৰামকৃষ্ণ আৰু স্বামী বিবেকানন্দৰ প্ৰেৰণাদায়ক জীৱন আৰু শিক্ষাৰ সন্মুখীন হ’লে ৰামকৃষ্ণ সংঘত সন্ন্যাসীৰ জীৱনক আকোৱালি লোৱাৰ হেঁপাহ অনুভৱ কৰে। আন কিছুমানে ইউটিউবত বেদান্তৰ সু-স্পষ্ট বক্তৃতা শুনাৰ ফলতেই হয়তো সংসাৰখনক ত্যাগ কৰিবলৈ ইচ্ছা কৰে। লৌকিক সফলতা আৰু সম্পৰ্কৰ প্ৰতি মোহভংগইও বহুতক মঠৰ দুৱাৰমুখলৈ লৈ যায়। তদুপৰি ৰামকৃষ্ণ সংঘৰ সন্ন্যাসীসকলে কৰা কামৰে প্ৰভাবিত হৈ সংঘৰ সেৱামূলক কাম-কাজত নিজকে উৎসৰ্গা কৰিব বিচৰা পৰোপকাৰী স্বভাবৰ ব্যক্তিসকলো আছে। তাৎক্ষণিক উদগনি যিয়েই নহওক কিয়, ৰামকৃষ্ণ সংঘত যোগ দিয়াৰ আগতে তেওঁলোকে ভালে কেইটামান কাৰক সাৱধানে বিবেচনা কৰিব লাগিব। সন্ন্যাসী হ’বলৈ চেষ্টা কৰা সকলে এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে বিষয়টোৰ সম্পৰ্কে ভালকৈ অৱগত হোৱাৰ বাবে ‘পোনপটীয়া প্রশ্ন আৰু উত্তৰ’ৰ জৰিয়তে বিষয়টো আলোচনা কৰা হ’ল।
১। ৰামকৃষ্ণ-সংঘ কি?
এই প্ৰসংগত, এটা সংঘৰ অৰ্থ হ’ল একেলগে বাস কৰা আৰু এক উমৈহতীয়া আনুগত্য থকা সন্ন্যাসীৰ এটা দল। ৰামকৃষ্ণ সংঘ হৈছে সন্ন্যাসীৰ এক সুনির্দিষ্ট সংস্থা যাৰ উৎপত্তি শ্ৰীৰামকৃষ্ণ আৰু তেওঁৰ বিশিষ্ট শিষ্যসকলৰ পৰা হৈছে যিসকলৰ অন্যতম আৰু আটাইতকৈ আগশাৰীৰ আছিল স্বামী বিবেকানন্দ। ইয়াত শ্ৰী সাৰদা দেৱীৰ কথা উল্লেখ কৰিব লাগিব, যাৰ আধ্যাত্মিক উচ্চতা শ্ৰীৰামকৃষ্ণৰ সমান আছিল আৰু যিয়ে আৰম্ভণিৰ পৰা তিনি দশকৰো অধিক সময় ধৰি মাতৃপ্ৰেম আৰু আধ্যাত্মিক পৰিচৰ্য্যাৰে এই সংঘক পৰিচালিত তথা পথপ্ৰদৰ্শন কৰিছিল। তেওঁক এই সংঘৰ ‘সংঘজননী’ (Holy Mother) বুলি কোৱা হয়।
সকলো ব্যৱহাৰিক উদ্দেশ্যৰ বাবে, ৰামকৃষ্ণ সংঘৰ অৰ্থ হ’ল, দুটা পঞ্জীভুক্ত সংস্থা- ‘ৰামকৃষ্ণ মঠ’ আৰু ‘ৰামকৃষ্ণ মিছন’, যাৰ উমৈহতীয়া মুখ্য কাৰ্যালয় বেলুৰ মঠত আৰু মঠত বিশ্বজুৰি ২০০ ৰো অধিক শাখাকেন্দ্ৰ আছে। এই যমজ সংগঠনসমূহৰ ইতিহাস, আদর্শ আৰু কাৰ্যকলাপৰ বিষয়ে অধিক জানিবলৈ আমাৰ ৱেবছাইট চাওক।
২। ৰামকৃষ্ণ সংঘত “যোগদান” কৰাৰ অৰ্থ কি?
ৰামকৃষ্ণ সংঘত যোগদান কৰাৰ অৰ্থ হ’ল নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱ, পেছা আৰু প্ৰাপ্তি, সকলো জাগতিক আগ্রহ, সুখ আৰু চিন্তা এৰি সন্ন্যাসী জীৱনক আকোৱালি লোৱা। ব্যক্তিজনে তাৰ পিছৰ পৰা, সাধাৰণতে ৰামকৃষ্ণ সংঘৰ কোনো মঠ বা আশ্ৰমত বাস কৰি নিজৰ জীৱন একান্তভাৱে আধ্যাত্মিক সাধনা আৰু নিস্বার্থ সেৱাত উৎসৰ্গা কৰিবলৈ সংকল্পবদ্ধ হ’ব লাগিব।
৩। ৰামকৃষ্ণ সংঘত সন্ন্যাসী হোৱাৰ বাবে প্রয়োজনীয় কি কি চর্ত আছে?
আগ্রহী যুৱক (অনুগ্ৰহ কৰি মন কৰক: ছোৱালী নহয়) যিসকল অন্ততঃ স্নাতক আৰু ১৮ৰ পৰা ২৮ বছৰ বয়সৰ ভিতৰত, তেওঁলোকে ৰামকৃষ্ণ সংঘত যোগদান কৰিব পাৰে। অভিযান্ত্রিক / চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ সকলৰ বাবে বয়সৰ উচ্চসীমা ৩০, আৰু পশ্চিমীয়াসকলৰ বাবে ৩৬ বছৰ। অধিক বিৱৰণৰ বাবে মুখ্য কাৰ্যালয় (বেলুৰ মঠ)লৈ <mail@rkmm.org> ত যোগাযোগ কৰি বিস্তাৰিত তথ্য লাভ কৰিব পাৰে।
৪। সন্ন্যাসীৰ জীৱনক আঁকোৱালি ল’বলৈ আগ্রহী যুৱতীসকলৰ বাবে কি বিকল্প আছে?
ৰামকৃষ্ণ সংঘ কেৱল পুৰুষৰ বাবে মঠৰ এক সংগঠন। মহিলাসকলৰ বাবে ‘শ্রী সাৰদা মঠ’ নামেৰে জনাজাত এটা সমান্তৰাল সংগঠন আছে যিটোয়ে ৰামকৃষ্ণ সংঘৰ দৰেই একে আদৰ্শ অনুসৰণ কৰে। ইচ্ছুক ছোৱালীসকলে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে কলিকতাৰ দক্ষিণেশ্বৰস্থিত মুখ্য কাৰ্যালয়ত থকা সাৰদা মঠত। ইমেইল ঠিকনা: <saradamath.office@gmail.com>।
৫। মোৰ বিয়া হৈছে। ৰামকৃষ্ণ সংঘত যোগদান কৰিব পাৰিমনে?
আমি দুঃখিত! কেৱল অবিবাহিত পুৰুষহে ৰামকৃষ্ণ সংঘত যোগদান কৰিব পাৰিব। যিজন ব্যক্তি বিয়া হৈছিল কিন্তু এতিয়া বিবাহ বিচ্ছেদ হৈছে তেবোঁ যোগ্য নহয়।
কিন্তু আমাৰ সৈতে ভক্ত বা স্বেচ্ছাসেৱক হিচাপে জড়িত হ’বলৈ আপোনাক আদৰণি জনোৱা হ’ল। আপোনাৰ বাস কৰা ঠাইৰ ওচৰৰ থকা আমাৰ শাখাকেন্দ্ৰৰ মুৰব্বীৰ সৈতে যোগাযোগ কৰক।
৬। সকলো ত্যাগ কৰিব বিচৰা মানুহ এজনৰ বাবে কিয় শৈক্ষিক অৰ্হতাৰ ওপৰত জোৰ দিয়া হয়?
যদিও আধ্যাত্মিক উন্নতিৰ বাবে শৈক্ষিক অৰ্হতা পূর্বাৱশ্যকীয় নহয়, তথাপিও তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে ইয়াৰ প্রয়োজনীয়তা আছে:
(ক) সন্ন্যাসীৰ জীৱনক আঁকোৱালি লোৱাটো অতি উল্লেখযোগ্য সিদ্ধান্ত আৰু এই সিদ্ধান্তত উপনীত হ’বলৈ মনৰ এক নিৰ্দিষ্ট পৰিপক্কতাৰ প্ৰয়োজন। আন সকলো কথাৰ বাহিৰে, আনুষ্ঠানিক শিক্ষাই সাধাৰণতে এই পৰিপক্কতা গঢ়ি তোলাত সহায় কৰে।
(খ) ৰামকৃষ্ণ সংঘৰ সন্ন্যাসীসকলে বিভিন্ন দিশত মানৱ-সেৱা আগবঢ়াই থাকে আৰু সেইবাবে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আৰু আন বহুতো অনুষ্ঠান প্রতিষ্ঠান হ’ব পাৰে আৰু তেনেবোৰ পৰিচালনা কৰিবৰ বাবে শিক্ষাৰ প্ৰয়োজন। লগতে তেওঁলোকক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় মঞ্চ আৰু বিশ্ববিদ্যালয় সমূহত বক্তৃতা প্রদান কৰিবলৈ আমন্ত্রণ জনোৱা হয়। এটা ভাল শৈক্ষিক অর্হতাই এই সকলোবোৰ অধিক ফলপ্রসূভাৱে পৰিচালনা কৰিবলৈ সহায় কৰে।
(গ) কিছুমান যুৱকে শেষ উপায় হিচাপে বা হতাশাৰ বশৱৰ্তী হৈ মঠ জীৱন বাছি লোৱা যেন লাগে। তেওঁলোকে হয়তো পঢ়া-শুনা আৰু পৰীক্ষালৈ ভয় কৰে বা তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বেয়া বা আন কোনো অভাৱৰ বাবেই তেওঁলোকে মনঃপূত চাকৰি এটা নিশ্চিত কৰাত ব্যৰ্থ হৈছে। ভাল শৈক্ষিক অভিলেখ আৰু বয়সৰ সীমাৰ ওপৰত জোৰ দি আমি আশা কৰিছোঁ যে এনে লোকে যাতে সংঘত লুকাই চুৰকৈ সোমাই নাযায়!
৭। মই কলেজ/বিশ্ববিদ্যালয়ৰ ছাত্ৰ। এতিয়া সংঘত যোগদান কৰিব পাৰিমনে?
পঢ়া-শুনা অব্যাহত ৰাখি আৰম্ভ কৰা পাঠ্যক্ৰমটো শেষ কৰাটো অতিশয় বাঞ্ছনীয়। ইয়াৰ পিছত অবিলম্বে আপুনি সংঘত যোগদান কৰিব পাৰে। ত্যাগৰ মনোভাৱৰ বাবে যাতে প্রথমেই আপোনাৰ পঢ়া-শুনা ক্ষতিগ্রস্ত নহয়!
অধ্যয়ন সম্পূর্ণ নোহোৱালৈকে আপুনি আমাৰ যিকোনো শাখাৰ সৈতে যোগাযোগ ৰাখিব পাৰে আৰু তাত আজৰি সময়ত স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াব পাৰে।
৮। সংঘত যোগদান কৰাৰ পিছত কলেজ বা উচ্চতম পঢ়া-শুনা কৰিব পাৰিমনে?
সাধাৰণতে প্ৰাৰ্থীসকলে মঠত যোগদান কৰাৰ আগতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাটো আশা কৰা হয়।
৯। মোৰ কিছুমান স্বাস্থ্যজনিত সমস্যা আছে। সেইটোৱেই মোৰ সংঘত যোগদান কৰাত বাধা হ’বনে?
যোগদানৰ বাবে ভাল স্বাস্থ্য গুৰুত্বপূৰ্ণ, কিয়নো এজন সন্ন্যাসীৰ পৰা আনৰ সেৱা গ্রহণতকৈ আনক সেৱা কৰাটোৱেই আশা কৰা হয়। সেয়েহে যোগদান পদ্ধতিৰ অংগ হিচাপে প্ৰাৰ্থীসকলে নিজৰ স্বাস্থ্যতাৰ প্ৰমাণ দিবলৈ বাধ্যতামূলকভাৱে সম্পূর্ণ স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। দীর্ঘদিনীয়া আৰু দুৰ্বলতা সৃষ্টিকাৰী ৰোগ (শাৰীৰিক বা মানসিক) থকা ব্যক্তিসকলক সংঘত যোগদান কৰিবলৈ দিয়া নহয় অন্যথা সন্ন্যাসী জীৱনৰ কষ্ট সহ্য কৰিব নোৱাৰি তেওঁলোক সংঘৰ দায়গ্রস্ততা বা লেঠাত পৰিণত হ’ব।
১০। শ্ৰীৰামকৃষ্ণ বা স্বামী বিবেকানন্দৰ ওপৰত কিতাপ পঢ়া নাই। মই সংঘত যোগদান কৰিব পাৰিমনে?
তৎক্ষণাত যোগদান কৰাটো আপোনাৰ বাবে বিধেয় নহয়। ৰামকৃষ্ণ-বিবেকানন্দ সাহিত্যৰ অন্ততঃ কেইখনমান গুৰুত্বপূৰ্ণ গ্রন্থ পঢ়িবলৈ সময় উলিয়াওক।
১১। বেদান্ত গভীৰভাৱে অধ্যয়ন কৰিবলৈ আগ্রহী। সংঘত যোগদান কৰাৰ পিছত মই সেইটো কৰিব পাৰিমনে?
হয়, ভগবদ্গীতা আৰু উপনিষদ আদি বেদান্ত শাস্ত্ৰ অধ্যয়নৰ বাবে সংঘত কেইবাটাও সুযোগ উপলব্ধ। প্রতিজন ন-শিকাৰুক যোগদান কৰাৰ প্ৰায় তিনি বছৰ পিছত আমাৰ চেমিনাৰী- বেলুৰ মঠৰ প্ৰবেচনাৰছ ট্রেইনিং চেণ্টাৰ (চমুকৈ টি.চি.)ত দুবছৰীয়া কঠোৰ অধ্যয়নৰ পাঠ্যক্ৰম এটা গ্ৰহণ কৰিবলগা হয়, য’ত বেদান্তকে ধৰি কেইবাটাও ধর্মীয় বিষয় শিকোৱা হয়।
শ্ৰীৰামকৃষ্ণ, সাৰদা দেৱী, স্বামী বিবেকানন্দ আৰু শ্ৰীৰামকৃষ্ণদেৱৰ আন সন্ন্যাসী শিষ্যসকলৰ জীৱন তথা শিক্ষাসমূহো এক অৰ্থত বেদান্ত কাৰণ তেওঁলোকে নিজৰ জীৱনত বেদান্তৰ সত্যসমূহ উপলব্ধি আৰু ৰূপায়িত কৰিছিল। তেওঁলোকক অনুসৰি, আমাৰ সংঘৰ সন্ন্যাসীসকলক, পাণ্ডিত্য আহৰণৰ বাবে নহয় বৰঞ্চ শাস্ত্ৰত উল্লেখিত সত্যসমূহৰ প্ৰতি দৃঢ় বিশ্বাস স্থাপন আৰু শেষত সেইবোৰৰ প্ৰত্যক্ষ উপলব্ধিৰ বাবে শাস্ত্ৰ অধ্যয়ন কৰিবলৈ শিকোৱা হয়। টি.চি.ৰ লগত সমগ্র সংঘতো জীৱন-যাপনৰ আৰ্হি এনেকৈ নিৰ্ধাৰিত যে সন্ন্যাসী আৰু ন-শিকাৰুসকলৰ আধ্যাত্মিক বিকাশৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়।
১২। মই জন্মসূত্রে হিন্দু নহয়। মই সংঘত যোগদান কৰিব পাৰিমনে?
সেইটো কোনো বিচার্য্য বিষয় নহয়। ৰামকৃষ্ণ সংঘ সকলো ধৰ্ম, ৰাষ্ট্ৰ তথা জনগোষ্ঠীৰ ব্যক্তিৰ বাবে মুকলি, যদিহে তেওঁলোকে ত্যাগৰ পৱিত্ৰ জীৱন যাপন কৰিবলৈ আৰু শ্ৰীৰামকৃষ্ণদেৱৰ আদৰ্শক গ্ৰহণ কৰিবলৈ সাজু হয়। এই ক্ষেত্ৰত, অন্যান্য বিষয়ৰ সৈতে শ্ৰীৰামকৃষ্ণদেৱৰ যিটো আদর্শ মনকৰিবলগীয়া সেয়া হ’ল- সকলো ধর্মই একে লক্ষ্যলৈ লৈ যায় আৰু মানুহৰ সেৱা হৈছে ঈশ্বৰৰ সেৱা।
১৩। মই কৃষ্ণৰ (বা শিৱ, কালি, খ্ৰীষ্ট বা আন কোনো দেৱতাৰ) ভক্ত। মই সংঘত যোগদান কৰিব পাৰিমনে?
আপোনাক স্বাগতম্! যদি আপুনি শ্ৰীৰামকৃষ্ণৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সন্মান প্রদর্শন কৰে লগতে তেওঁৰ শিক্ষাসমূহৰ সত্যতাৰ বিষয়ে প্রত্যয় থাকে তেন্তে আপুনি সংঘত যোগদান কৰিব পাৰে।
১৪। মই মোৰ দেশৰ সেৱা কৰিবলৈ সংঘত যোগদান কৰিব পাৰিমনে, বিশেষকৈ দুখীয়া আৰু অসহায়সকলৰ সেৱা কৰিবলৈ?
হয়, আপুনি সংঘত যোগদান কৰিব পাৰে যদিহে আপুনি আপোনাৰ সেৱাৰ ধাৰণা বহল কৰিবলৈ ইচ্ছুক। আমাৰ সংগঠনটো কেৱল সমাজসেৱাত নিয়োজিত আন এটা বেচৰকাৰী লাভ-অনাদায়ী সংস্থা নহয়। স্বয়ং স্বামী বিবেকানন্দই দিয়া আমাৰ মূলমন্ত্ৰ হৈছে ‘আত্মনো মোক্ষার্থং জগদ্ধিতায় চ’ (নিজৰ মুক্তি লাভ আৰু জগতৰ কল্যাণ)। আধ্যাত্মিকতাই এই সংগঠনৰ ভিত্তি, পথ প্রদর্শক শক্তি আৰু লগতে চূড়ান্ত লক্ষ্য। আমাৰ সন্ন্যাসীসকলে সেৱামূলক কাম-কাজক তেওঁলোকৰ আধ্যাত্মিক অনুশাসনৰ আন এক ৰূপ বুলি গণ্য কৰে। গতিকে এই আধ্যাত্মিক দৃষ্টিভংগী (আৰু কেৱল দয়ালু হৃদয় বা দেশপ্রেমমূলক মনোভাৱ নহয়) সংঘত তিষ্ঠি থাকিবলৈ অপৰিহাৰ্য।
১৫। মই সন্ন্যাসী হ’ব বিচাৰো। কিন্তু মোৰ মা-দেউতা ইয়াৰ বিৰোধী। মই কি কৰিব লাগে?
যদিও সংঘত যোগদানৰ বাবে অভিভাৱকৰ সন্মতি লোৱাটো অত্যন্ত কাম্য, আমি ইয়াক আৱশ্যকীয় বুলি নাভাবোঁ কাৰণ আপুনি এজন প্রাপ্তবয়স্ক। বিৰল ক্ষেত্ৰতহে পিতৃ-মাতৃয়ে নিজৰ পুত্ৰক সন্ন্যাসী হ’বলৈ উৎসাহিত কৰে আৰু এনে আকাংক্ষা পোষণ কৰা বাবে বেছিভাগ প্রার্থীয়ে পিতৃ-মাতৃৰ বিৰোধিতা কেতিয়াবা আনকি তীব্র ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু যদি আপুনি অন্তৰৰ পৰা নিশ্চিত যে কোনো দায়িত্ব এৰাই চলাৰ বাবে নহয় বৰং জাগতিক সুখৰ প্ৰতি সঁচাকৈ বিতৃষ্ণা হেতু এই জীৱনটো বাছি লৈছে তেনেহ’লে একোৱেই আপোনাৰ বাধা হ’ব নালাগে। একে সময়তে এইটোও এটা সত্য যে গৰিষ্ঠসংখ্যক অভিভাৱকে কেইবছৰমানৰ পিছত নিজৰ পুত্ৰই সংঘত যোগদান কৰাৰ সিদ্ধান্তৰ শলাগ লয় আৰু বহুতে আনকি তেওঁক লৈ গৌৰৱ অনুভৱ কৰে।
বিৰোধিতা আৰু প্ৰতিবন্ধক পৰিস্থিতিৰ সন্মুখত এজন প্রার্থীয়ে এয়া মনত ৰাখি সাহস লোৱা উচিত যে সন্ন্যাসী জীৱন ভাৰতবৰ্ষত যুগ যুগ ধৰি চলি অহা এক প্রথা আৰু আমাৰ শাস্ত্ৰই ইয়াক সমর্থন কৰে- ‘যদহৰেৱ বিৰজেৎ তদহৰেৱ প্ৰব্ৰজেৎ’ অর্থাৎ যেতিয়াই হেঁপাহ অনুভৱ হয় তেতিয়াই জগতক ত্যাগ কৰিব লাগে (জাবালোপনিষদ)।
১৬। যোগদান কৰাৰ পিছতো মই মোৰ পিতৃ-মাতৃ আৰু আত্মীয়ৰ সৈতে যোগাযোগ ৰাখিব পাৰিমনে?
প্রথম দিনবোৰত এজন ন-শিকাৰুৱে পিতৃ-মাতৃৰ লগত কথা পাতিবলৈ আৰু প্ৰয়োজন হ’লে তেওঁলোকৰ কুশল সংবাদ বিষয়ে সোধা-পোছা কৰিবলৈ দিয়া হয়। কিন্তু এজন সন্ন্যাসীয়ে কালক্ৰমত তেওঁৰ প্ৰাক-মঠ জীৱনত গঢ় লৈ উঠা সকলো সম্পর্ক এৰি দিব লাগিব। যিহেতু সকলোৱে এইটো হঠাতে ত্যাগ কৰিব নোৱাৰে, গতিকে লাহে লাহে সকলো জাগতিক আত্মীয়তাৰ সম্বন্ধ ক্ষীণ কৰি অনাসক্তিৰ মনোভাব বিকাশ কৰিব লাগে।
১৭। মোৰ নামত কিছু সম্পত্তি আছে। মই যোগদান কৰিলে ইয়াৰ কি হ’ব?
সন্ন্যাসীৰ সংজ্ঞা অনুসৰি তেওঁ ব্যক্তিগত সম্পত্তিৰ মালিক হ’ব নোৱাৰে। হিন্দু শাস্ত্ৰ আৰু আইনী ব্যাখ্যা দুয়োটা এই বিষয়ত একমত। সংঘত যোগদান কৰাৰ আগত যদি কৰা নাই তেনেহ’লে যোগ দিয়াৰ পিছত যিমান পাৰে সোনকালে আপোনাৰ নামত নথিভুক্ত থকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিসমূহ আপোনাৰ ইচ্ছানুযায়ী এটা নিষ্পত্তি কৰি সমস্যাৰ পৰা সকাহ পোৱাটো প্রয়োজন।
১৮। সংঘত মোক দৰমহা দিয়া হ’বনে?
আমাৰ সংঘত সন্ন্যাসীসকলক কোনো দৰমহা দিয়া নহয় কাৰণ ই সন্ন্যাসীৰ আদৰ্শৰ বিপৰীত। মঠৰ জীৱনটো দৰমহাৰ আশাত চাকৰি এটাত কাম কৰাৰ দৰে নহয়। কোনো বস্তুগত লাভৰ সন্ধান নকৰাকৈয়ে ইয়াত আপুনি স্বেচ্ছাই আৰু সম্পূর্ণরূপে আপোনাৰ শৰীৰ আৰু মন, আপোনাৰ প্ৰতিভা আৰু সামর্থ্যসমূহ অর্পণ কৰে।
১৯। যদি মই সংঘত যোগদান কৰোঁ তেন্তে মোৰ ব্যক্তিগত প্রয়োজনীয়তাবোৰৰ কোনে যত্ন ল’ব? মই বুঢ়া হ’লে কোনে চোৱা-চিতা কৰিব?
কোনো ব্যক্তিয়ে সন্ন্যাসীৰ জীৱনক আঁকোৱালি লৈছে তাৰ অৰ্থ পূৰ্বেই ধৰি ল’ব পাৰি যে তেওঁ প্ৰতিটো ক্ষেত্ৰত সম্পূৰ্ণৰূপত ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল। তথাপি, সংঘই আপোনাৰ যত্ন ল’ব আৰু আপোনাক সকলো দিশত সহায় কৰিব। সেইটো বিষয়ত চিন্তাৰ প্ৰয়োজন নাই।
২০। সংঘত যোগদান কৰাৰ পিছত কেনেকৈ সাজ-পোছাক পিন্ধিব লাগে?
সংঘৰ সদস্যসকলে সাধাৰণতে কুর্তা (ঢিলা আৰু কলাৰ নথকা চোলা), ধুতি (কঁকালত ভৰিলৈকে বিস্তৃত কাপোৰ বান্ধি)
আৰু উত্তৰীয় (চোলাৰ ওপৰত কান্ধত পেলাই লোৱা চেলেং) পিন্ধে। এই কাপোৰবোৰৰ ৰং হয় বগা (নবাগত বা ব্ৰহ্মচাৰীসকলৰ ক্ষেত্ৰত) নহয় গেৰুৱা (সন্ন্যাসীসকলৰ ক্ষেত্ৰত) হ’ব।
২১। কাইলৈ যদি মই যোগদান কৰো তেন্তে সম্পূর্ণ অর্থত সন্ন্যাসী হ’বলৈ কিমান সময় লাগিব?
সাধাৰণতে ইয়াৰ বাবে ন্যূনতম ন বছৰ সময় লাগে। এই সময়ছোৱাত এজন প্রার্থীয়ে সন্ন্যাসৰ চূড়ান্ত ব্ৰত গ্ৰহণৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সুযোগ দিয়া হয়। অৱশেষত, যেতিয়া আপুনি আনুষ্ঠানিকভাবে সন্ন্যাসী হয়, তেতিয়া আপুনি “আনন্দ”ৰে শেষ হোৱা আৰু “স্বামী’ উপাধিযুক্ত এটা নতুন নামো পাব।
২২। সংঘত যোগদান কৰাৰ পিছত মই কি কৰাৰ আশা কৰা হয়?
সংঘত যোগদান কৰাৰ পিছত নিজৰ মুক্তি আৰু জগতৰ মংগল সাধন (‘আত্মনো মোক্ষার্থং জগদ্ধিতায় চ’)- এই দুইবিধ আদৰ্শ ৰূপায়িত কৰিবলৈ সমগ্ৰ জীৱন উৎসৰ্গা কৰিব লাগিব। সেয়েহে, বাকী জীৱন আপুনি আধ্যাত্মিক অনুশীলন আৰু নিস্বার্থ সেৱাত নিজকে মগ্ন কৰি ৰাখিব। আধ্যাত্মিক অনুশীলন বুলিলে জপ, ধ্যান, প্রার্থনা, পূজা, স্তোত্র পাঠ, ভজন গোৱা, ধৰ্ম সাহিত্যৰ অধ্যয়ন আৰু অন্যান্য আধ্যাত্মিক অনুশীলন বুজোৱা হয়। ইয়াৰ ভিতৰত দৈনন্দিন জপ আৰু ধ্যান চর্চা অতি গুৰুত্বপূৰ্ণ। এইবোৰৰ কিছুমান আপুনি নিজাববীয়াকৈ কৰিব, আন কিছুমান, আশ্রমত সন্ন্যাসী ভাতৃসকলৰ সতে। এইবোৰৰ লগতে আপুনিও নিজকে সমান উদ্যম আৰু আন্তৰিকতাৰে নিস্বার্থ কামত নিয়োজিত কৰিব, যাৰ ফলত আমাৰ সংস্থাৰ সেৱামূলক কাৰ্য্যকলাপত আপোনাৰ ভূমিকা থাকিব। মঠৰ বাবেই হওক নাইবা সামগ্রিকভাৱে জনসাধাৰণৰ সেৱাৰ বাবে, যিকোনো কাম আপুনি পূজাৰ মনোভাবেৰে কৰাটো আশা কৰা হয় যাতে আপোনাৰ কামটো আধ্যাত্মিক অনুশীলনলৈ ৰূপান্তৰ হয়।
এনেদৰে দিন অতিবাহিত কৰি আপুনি এজন সাধু (সন্ন্যাসী)ৰ পৱিত্ৰতা, ভক্তি, অনাসক্তি, নিস্বার্থতা, সত্যতা আৰু ব্ৰহ্মচর্য্য আদি গুণত বৃদ্ধি পাবলৈ চেষ্টা কৰিব, আৰু ঈশ্বৰক উপলব্ধি কৰিব।
২৩। ৰামকৃষ্ণ সংঘত আধ্যাত্মিক অনুশীলন (সাধনা)ৰ পদ্ধতি কি?
ইয়াত কর্মযোগ, ভক্তি যোগ, ৰাজযোগ আৰু জ্ঞানযোগ চাৰিওটা যোগৰ সুষম সংমিশ্রণ অনুসৰণ কৰা হৈছে। এই আঁচনিখনে ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশত অৰিহণা যোগায়। বাস্তৱত, যদি কোনোবাই অদম্য বিশ্বাসেৰে এই সংঘত অনুশীলন কৰা পদ্ধতিবোৰ (পূৰ্বৰ প্ৰশ্নৰ উত্তৰত বৰ্ণনা কৰা ধৰণে) অনুসৰণ কৰে তেন্তে তেওঁ প্রায় অনায়াসে নিজৰ মাজত এই চাৰিটা যোগৰ সমন্বয় সাধন কৰিব পাৰে। স্বামী বিবেকানন্দই নক্সা বনোৱা সংঘৰ প্ৰতীকত চাৰিটা যোগৰ সমন্বয় সুন্দৰভাৱে চিত্ৰিত কৰা হৈছে।
২৪। সাধাৰণভাবে কৌমার্য জীৱনৰ বিষয়ে অধিক জানিব বিচাৰো। এই বিষয়ে কোনো নির্দেশনা বা পঢ়াৰ পৰামৰ্শ?
বিভিন্ন উৎসৰ পৰা সংকলিত কৰি স্বামী বিবেকানন্দৰ ব্ৰহ্মচর্য (সংযম বা কৌমার্য) সম্পর্কীয় শিক্ষা পোৱা যায়। লগতে, তলত দিয়া কিতাপ দুখনত আপুনি অতি উপযোগী নির্দেশনা পাবঃ
স্বামী শ্রীকান্তানন্দ ৰ লিখা Youth! Arise Awake and Know Your Strength কিতাপৰ Strength of Brahmacharya নামৰ অধ্যায়
স্বামী অশোকানন্দ ৰ লিখা Spiritual Practice কিতাপৰ Brahmacharya নামৰ অধ্যায়
২৫। সংঘত কোনো আধ্যাত্মিক শিক্ষক আছেনে যিয়ে মোক যোগদান কৰাৰ পিছত সহায় কৰিব পাৰে?
হয়, জ্যেষ্ঠ সন্ন্যাসীসকলে তেওঁলোকৰ কাষ চাপিলে আপোনাৰ সন্ন্যাসী জীৱনৰ প্ৰতিটো দিশতে পথ প্রদৰ্শন কৰিব। আপুনি সঠিক পথত আছে নে নাই চাবলৈও আপোনাৰ ওপৰত চকু ৰাখিব।
২৬। এতিয়ালৈকে মোৰ আধ্যাত্মিক দীক্ষা হোৱা নাই। মই কি কৰিব লাগে?
মন্ত্র দীক্ষা বা আধ্যাত্মিক দীক্ষা হৈছে এক গম্ভীৰ ধৰ্মানুষ্ঠান য’ত গুৰুৱে প্ৰাৰ্থীক আধ্যাত্মিক মন্ত্র (ভগৱানৰ পৱিত্ৰ নাম) প্রদান কৰে। গুৰুৱে মন্ত্ৰৰ পুনৰাবৃত্তি (অর্থাৎ জপ কেনেকৈ কৰিব লাগে) আৰু ধ্যান পদ্ধতি (উপাসনা) আদিও শিকাব। আমাৰ সংস্থাত কেৱল সংঘাধ্যক্ষ আৰু আৰু সহ-সংঘাধ্যক্ষ মহাৰাজে মন্ত্ৰ দীক্ষা দিয়ে। যদি আপুনি তেওঁলোকৰ কোনো এজনৰ পৰা মন্ত্ৰ-দীক্ষা লাভ কৰা নাই, তেন্তে আপুনি সংঘত যোগদান কৰাৰ পিছত কেতিয়াবা সেইটোৰ ব্যৱস্থা কৰা হ’ব।
২৭। সংঘৰ যিকোনো শাখাত যোগদান কৰিব পাৰিমনে?
দুই এটাৰ বাহিৰে, আন দেশৰ শাখাবোৰকে ধৰি আমাৰ সকলো শাখাকেন্দ্ৰত ন-শিকাৰু এগৰাকীয়ে সন্ন্যাসীৰ জীৱন আৰম্ভণি কৰিব পাৰে।
আপুনি বেলুৰ মঠতো যোগদান কৰিব পাৰে। নতুনকৈ প্ৰৱেশ কৰাসকলৰ বাবে আমাৰ বেলুৰ মঠত প্রি-প্ৰবেচনাৰছ ট্রেইনিং চেণ্টাৰ (পি.পি.টি.চি.) আছে।
কিন্তু আগতে কোৱাৰ দৰে য’তেই যোগদান কৰে পৰৱৰ্তীকালত বেলুৰ মঠত টি.চি.ত দুবছৰ কটাবলৈ সুযোগ পাব।
২৮। বেলুৰ মঠত যোগদান কৰাৰ বিশেষত্ব কি?
বেলুৰ মঠ হৈছে ৰামকৃষ্ণ সংঘৰ হৃৎপিণ্ড য’ত মূল মঠটো অৱস্থিত আৰু য’ত স্বামী বিবেকানন্দ আৰু শ্ৰীৰামকৃষ্ণৰ কেইজনমান সন্ন্যাসী শিষ্যই বাস কৰিছিল। ই আমাৰ মুখ্য কাৰ্যালয়ো। ইয়াৰ পৱিত্ৰ সংযোগৰ বাবে বহুতে ইয়াতেই নিজৰ সন্ন্যাসী জীৱন আৰম্ভকৰিব বিচাৰে। নতুনকৈ প্ৰৱেশ কৰাসকলক ছয়ৰ পৰা বাৰ মাহ পি.পি.টি.চি.ত ৰখাৰ পিছত তেওঁলোকক বিভিন্ন শাখা কেন্দ্রলৈ প্ৰেৰণ কৰা হয়।
২৯। মোৰ ঘৰৰ ওচৰতে ৰামকৃষ্ণ আশ্ৰম আছে। তাত যোগদান কৰিব পাৰিমনে?
‘শ্ৰীৰামকৃষ্ণ’ বা ‘স্বামী বিবেকানন্দ’ নাম বহন কৰা সকলো আশ্ৰম আমাৰ শাখা নহয়। গতিকে আপুনি উল্লেখ কৰা বিশেষ আশ্ৰমটো আমাৰ স্বীকৃতিপ্রাপ্ত শাখাকেন্দ্র হয় নে নহয় চাব। আমাৰ স্বীকৃত শাখাৰ তালিকা আমাৰ ৱেবছাইট <belurmath.org> ৰ পৰা পাব পাৰিব।
৩০। আপোনালোকৰ এটা বিশেষ শাখা মোৰ ভাল লাগে। জীৱনৰ বাকী সময়খিনি তাতেই সন্ন্যাসী হিচাপে কটাব পাৰিমনে?
আপুনি সেই কেন্দ্রত যোগদান কৰি সংঘ-জীৱন আৰম্ভণি কৰিব পাৰে আৰু তাত বেছিকৈ প্ৰায় তিনি বছৰ ধৰি থাকিব পাৰে।
ইয়াৰ পিছত সংঘৰ যিকোনো শাখাত আপোনাক নিযুক্ত কৰাটো নিৰ্ভৰ কৰে বেলুৰ মঠৰ (যিটো আমাৰ মুখ্য কাৰ্যালয়) জ্যেষ্ঠ সন্ন্যাসীসকলৰ ওপৰত।
এটা বিশেষ শাখা কেন্দ্ৰত গোটেই জীৱন কটোৱাৰ ইচ্ছা সন্ন্যাসী মনোভাৱৰ বিপৰীত। আপুনি আপোনাৰ পছন্দৰ কেন্দ্ৰত সংঘত যোগদান কৰিব পাৰে আৰু তাত সৰ্বাধিক তিনি বছৰ ধৰি থাকিব পাৰে। ইয়াৰ পিছত বেলুৰ মঠৰ জ্যেষ্ঠ সন্ন্যাসীসকলৰ বিবেচনা অনুসৰি সংঘৰ যিকোনো শাখালৈ যাবলৈ আপুনি সাজু থাকিব লাগিব।
৩১। বিদেশত প্ৰচাৰ কাৰ্য্য কৰাৰ সুযোগ পামনে?
পাব পাৰে, নাপাব পাৰে। কাক বিদেশলৈ পঠিয়াব সেইটো সিদ্ধান্ত লয় মুখ্য কাৰ্যালয়ৰ কৰ্তৃপক্ষই আৰু তেওঁলোকে কেইবাটাও কাৰক বিবেচনা কৰি সেই কাম কৰে।
নিজৰ প্ৰবল পছন্দ-অপছন্দবোৰ পৰিহাৰ কৰি আৰু ভগৱানৰ ওচৰত আত্মসৰ্পণৰ মনোভাৱেৰে সংঘত যোগদান কৰাটোৱেই উত্তম।
৩২। সাধাৰণভাবে সন্ন্যাসধর্ম (Monasticism) আৰু বিশেষকৈ ৰামকৃষ্ণ সংঘৰ বিষয়ে অধিক জানিবলৈ আপুনি আন কোনো কিতাপ পঢ়িবলৈ পৰামৰ্শ দিয়েনে?
১০ নং প্ৰশ্নৰ উত্তৰত উল্লেখ কৰা কিতাপবোৰ যথেষ্ট হ’ব লাগে। তথাপিও আপুনি তলত দিয়া দুখন কিতাপ চাব পাৰেঃ
The Glory of Monastic Life: Swami Bhajanananda
Monasticism – Ideal and Traditions: A Vedanta Kesari Presentation
৩৩। ধৰি লওক মই সংঘত আগবাঢ়িব পৰা নাই, মই এৰিব পাৰিমনে?
হয়, আপুনি আপোনাৰ সন্ন্যাস জীৱনৰ যিকোনো সময়তে সংঘ এৰিব পাৰে। মানুহে নিজৰ ইচ্ছামতে এই জীৱনত প্ৰৱেশ কৰে আৰু নিজৰ ইচ্ছামতে বাহিৰলৈও খোজ দিব পাৰে। কোনোবাই গুছি গ’লে দুয়োেপক্ষৰ কোনো আইনী বা আর্থিক বাধ্যবাধকতা নাই! সংঘ এৰি দিয়াৰ অৰ্থ আপোনাৰ আধ্যাত্মিক সাধনাৰ অন্ত হোৱাৰ প্ৰয়োজন নাই। আপুনি য’তেই নাথাকক কিয় সেইবোৰ চলাই থাকিব।
৩৪। ভাল কথা। মোৰ সকলো প্ৰশ্নবোৰৰ উত্তৰ পালোঁ। কিন্তু মই এতিয়াও নিশ্চিত নহয় যে সংঘত যোগদান কৰিম নে পৰিয়ালত থাকি স্বাভাৱিক জীৱন যাপন কৰিম। মোক সহায় কৰিব পাৰিবনে?
এইটো এনে এটা বিষয় যিটো আপুনি নিজেই সিদ্ধান্ত ল’ব লাগিব। আপোনাৰ প্ৰকৃত আগ্ৰহ ক’ত আছে সেইটো বুজিবলৈ নিজৰ মনটোক ভালদৰে নিৰীক্ষণ কৰক। আপোনাৰ মনটোক শক্তিশালী আৰু স্থিৰ কৰিবলৈ আন্তৰিকতাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক। আপুনি জ্ঞানী লোকৰ সতে আলোচনাও কৰিব পাৰে আৰু বিষয়টোত তেওঁলোকৰ পৰামৰ্শ ল’ব পাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত আপোনাৰ ভিতৰৰ পৰাই আহিব লাগে।